পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮২
[খণ্ড ২২
কীৰ্ত্তন ঘোষা

নন্দ-যশোদাক মান্য কৰিলা একান্ত।
জ্ঞান-দানে গোপীক কৰিলে উপশান্ত।৷
কহিলা পিতৃত পাছে কৃষ্ণে মহাজ্ঞান।
মৃতক পুত্ৰক দৈৱকীক দিলা দান॥ ৯৮
অৰ্জ্জুনক আনি বিহা দিলা সুভদ্ৰাক।
ভক্তক দেখিবে লাগি গৈলা মিথিলাক॥
শ্ৰুতদেৱ জনকৰ পুৰি মনোৰথ।
কৈলা উপদেশি প্ৰেম ভকতিৰ পথ॥ ৯৯
ভকতিক পুছিলা নাৰদে মাধৱত।
নাৰায়ণে কহিলা বেদৰ সাৰ তত্ত্ব।৷
সংসাৰক তাৰে ভকতিসি জানি মনে।
কৈলা স্তুতি বেদ-শিৰোৰত্ন-মন্ত্ৰগণে॥ ১০০
হৰি-ভকতিত পাই পৰম মুকুতি।
দিবে মাত্ৰ পাৰে আনো দেৱতা ভুকুতি।৷
ভৃগু ঋষি আসি কৰি পৰীক্ষা পূৰ্ব্বত।
কৈলা কৃষ্ণ-গুণ মুনিগণৰ আগত॥ ১০১
মহাকালপুৰ পশি কৃষ্ণ কৃপাময়।
আনিলন্ত বিপ্ৰৰ মৃতক পুত্ৰচয়॥
অৰ্জ্জুনৰ অঙ্গীকাৰ কৰিলা সাফল।
হেন নাৰায়ণ দেৱ ভকতবৎসল॥১২