পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
৪৭৯
কৃষ্ণ লীলা মালা

কৰি ৰাজসূয়-যজ্ঞ নৃপতি।
অৰ্চ্চিলা কৃষ্ণক মহা-ভকতি।৷
নিন্দিলে দেখি শিশুপাল বীৰ।
কাটিলা কৃষ্ণে চক্ৰ হানি শিৰ।৷ ৮৪
তাৰ তেজ-পুঞ্জ আসিল লড়ি।
মিলিলা কৃষ্ণৰ চৰণে পড়ি।৷
সাৰূপ্য পায়া ভৈলা পাৰিষদ।
বিস্ময় দেখি লোক নিশবদ।৷ ৮৫
পৰম মানী দুৰ্য্যোধন ৰায়।
ভ্ৰমিলা সভাৰ সম্পত্তি চাই।৷
তুলিলা বস্ত্ৰ পানী বুলি স্থলে।
স্থল হেন বুলি পড়িলা জলে॥ ৮৬
দ্ৰৌপদী সমে নাৰীগণে আসি।
চাপৰি বজায়া তুলিলা হাসি॥
ভীমৰ উপহাস্যে কুৰুৰাজ।
মৰণ-সমান ভৈ গৈল লাজ॥ ৮৭
মৃতক যেন ভৈল কুৰুপতি।
কৃষ্ণৰ কটাক্ষে ভ্ৰমিল মতি॥
তোলাই ইটো কোপ কুৰু ৰাজাৰ।
হৰিবো সমন্তে ভূমিৰ ভাৰ॥ ৮৮