পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
৪৭৫
কৃষ্ণ লীলা মালা

কৃষ্ণৰ সমান ৰূপ একৈক ভাৰ্য্যাত।
দদশ তনয় এক ঝীৱ ভৈলা জাত।৷
বহুবিধ কৰি লীলা জগতৰে নাহে।
ৰুক্মক মৰাইলা অনিৰুদ্ধৰ বিবাহে।৷ ৬৫
উষাক ক্ৰীড়িলা কৃষ্ণ-নাতি অনিৰুদ্ধ।
বাণক ৰাখিবে লাগি ৰুদ্ৰে দিল যুদ্ধ।৷
লীলায়ে ভঙ্গাইল শঙ্কৰক ঘোৰ ৰণে।
চক্ৰ-বাণে বাহুক ছেদিলা নাৰায়ণে॥ ৬৬
যুদ্ধত নোৱাৰি তুতি কৰিলন্ত হৰে।
নৃগ নৃপতিক উদ্ধাৰিলা তাত পৰে।৷
ক্ৰীড়িলন্ত বলভদ্ৰে গোকুলক যাই।
যমুনাকো অঝুৰিলা লাঙ্গল ভেজাই॥ ৬৭
চক্ৰে ধৰি খেদি গৈল বাৰাণসী থান।
সুদক্ষিণ পৌণ্ড্ৰকৰো কৃষ্ণে লৈলা প্ৰাণ।৷
ৰৈৱত গিৰিত ক্ৰীড়া কৰি হলধৰ।
সমৰে মাৰিল দুষ্ট দ্বিবিদ বানৰ।৷ ৬৮
ধৰিলা শাম্বক কুৰু-বীৰগণে চাপি।
খুজিলেক ৰামে গৈয়া নেদিলা তথাপি।৷
হস্তিনাপুৰক কোপে উভতাওঁ বুলি।
লাঙ্গল ভেজায়া বলো ধৰিলন্ত তুলি॥ ৬৯