পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭০
[খণ্ড ২২
কীৰ্ত্তন ঘোষা

ভূমিত পাড়ি কাঢ়ি লৈলা দন্ত।
কৰিলা কোবাই হস্তীৰ অন্ত।
কন্ধত গজ-দন্ত অনুপাম।
পশিলা ৰঙ্গ-শালা কৃষ্ণ-ৰাম।৷ ৪২
চৌপাশে উপাশে গোপ-কুমাৰে।
দেখিলা কৃষ্ণক দশ প্ৰকাৰে।৷
বলো মুষ্টিকক কৃষ্ণে চাণুৰ।
মাৰি মাল দুইকো কৰিলা চুৰ॥৪৩
আসিল খেদি আৰো যত মাল।
কৰিলা ৰাম-কৃষ্ণে তাৰ কাল।
নাচিলা কৃষ্ণ সমাজৰ মাজে।
পাৱে ৰুণঝুন নুপুৰ বাজে।৷॥৪৪
দেখিয়া গৰজে কংস বিশাল।
উচ্ছ্ৰিত মঞ্চত চড়ি গোপাল।
কেশত ধৰি তাৰ ঘণ্টা লাড়ি।
পাড়িলা ভূমিত উপৰে পড়ি।৷ ৪৫
মৰিলা কংস জগতৰ ভৰে।
পাইলেক সাৰূপ্য সিটো কৃষ্ণৰে।৷
পিতৃ-মাতৃ দুইৰো বন্ধন ছোড়ি।
কৰিলা তুতি দুইক কৰ যোড়ি॥৪৬