পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩
৭৬৯
কৃষ্ণ লীলা-মালা

দেখিলা অনন্ত সহস্ৰ-ফেট।
কোলত কৃষ্ণ পাইলন্ত ভেট।৷
কৰিলন্ত তুতি পড়ি অক্ৰূৰ।
প্ৰৱেশিলা পাছে মধুৰা-পুৰ।৷ ৩৭
গোপগণ সঙ্গে ৰঙ্গে মুৰাৰি।
ভ্ৰমন্তে দেখিলা মথুৰা-নাৰী।৷
কন্দৰ্প কোটি যাক নোহে তুল।
সাৰি সাৰি নাৰী বৰিষে ফুল॥ ৩৮
বধিলা ধোবাক চৱৰ-অস্ত্ৰে।
বেশকাৰে আসি ভুষিলা বস্ত্ৰে॥
পিন্ধাইলা চন্দন কুঁজী সাদৰি।
তাইৰ কুঁজ সম কৰিলা হৰি।৷ ৩৯
পিন্ধাইলা মালী অঙ্গ-মুণ্ড–মালা।
দিলা সুদামাক বৰ গোপাল॥
ভাঙ্গিলা কংসৰ ধনুক ধৰি।
ৰখীয়া সেনাক বধিলা হৰি॥ ৪০
বঞ্চিলা ৰাতি নগৰৰ মাঝে।
প্ৰভাতে শুনন্ত দুন্দুভি বাজে।৷
গৈলন্ত খেদিয়া নন্দ-কুমাৰ।
কুবলয়াপীড়ে ভেন্টিলে দ্বাৰ॥ ৪১