পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
৪৬৭
কৃষ্ণৰ লীলা-মালা

বাঢ়িল গৰ্ব্ব দেখি গোপিকাৰ।
ভৈলা অন্তৰ্দ্ধান জগ-আধাৰ॥
কান্দিল কৃষ্ণৰ গুণ বৰ্ণাই।
তনু পুলকিত চেতন নাই।৷ ২৮
গোপীৰ আতি প্ৰেম-ভকতিত।
সৱাৰ মধ্যত ভৈলা বিদিত।৷
সৱাকো আশ্বাসি কৰিলা ক্ৰীড়া।
এড়াইলা গোপীগণে কাম-পীড়া॥২৯
শঙ্খচূড় নামে যক্ষক মাৰি।
ৰাখি আনিলন্ত গোপৰ নাৰী।৷
খেদি আসিলন্ত অৰিষ্ট ধাই।
লীলায়ে মাৰিলা মাধৱে পাই।৷ ৩০
কংসত নাৰদে কহিলা পাছে।
তোৰ প্ৰাণ-বৈৰী ব্ৰজত আছে।৷
শুনিয়া কেশীক কংসে পাঞ্চিলা।
তাকো মাৰি কৃষ্ণে যমক দিলা॥ ৩১
বুলিলা কংসে অক্ৰূৰক আনি।
ব্ৰজক যাহা তুমি মহামানী।৷
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে।
হৰি হৰি বোলা সমস্ত জনে॥ ৩