পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৪
[খণ্ড ২৯
কীৰ্ত্তন ঘোষা

তাত পাছে ব্রহ্মা আসি কৰিলন্ত চুৰি।
মায়া কৰি নিলে সৱে গােৰক্ষ দামুৰি ॥
হুয়া গৰু গােৰক্ষ আপুনি পৰতেক।
সর্ব্ব-ৰূপে ব্ৰজত বঞ্চিলা বৰিষেক।৷ ১৪
অনন্তৰে ব্ৰহ্মা আসি ভৈলা বিমােহিত।
সৱে দিব্য চতুৰ্ভুজ ৰূপ বিপৰীত।৷
হৰিল চেতন একো নাহি হৃদি-সিদ্ধি।
পাছে পাৱে পড়ি তুতি কৰিলন্ত বিধি।৷ ১৫
গৈলা তাল-বনে সৱে গােৱাল সহিতে।
সবান্ধৱে ধেনুকাক বুধিলা তহিতে ॥
গােপগণে তালক ভুঞ্জিলা কণ্ঠ ভৰি।
শঙ্কৰে ৰচিলা ডাকি বােলা হৰি হৰি।৷ ১৬

দ্বিতীয় কীৰ্ত্তন

ঘোষা ৷৷ ত্রাহি গােবিন্দ যে অন্তকে গ্রাসে।
 নাসে নাথ নিন্দ ত্রাহি গােৱিন্দ।৷ ২
 বিষময় হ্রদ তাক নজানি।
 মৰিল গৰু-পােপ পিয়া পানী।.
 কটাক্ষে জীয়াইলা দমিলা কালি।
 হ্রদৰ খেদাইলা তাক নিকালি।৷ ১৭