পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬২
[খণ্ড ২২
কীৰ্ত্তন-ঘোষা

দেখি পুত্ৰ-মুখ নন্দে আনন্দে বিহ্বল।
তনয়ৰ জাত-কৰ্ম্ম কইলা সকল॥
দৈত্যক বধিবে আৰম্ভিলা গোকুলত।
পূতনাৰ চেতন শুষিলা প্ৰথমত॥ ৪
শকটৰ তলে থৈলা যশোদা শুৱাই।
পেহ্লাইলা পাৱে শকটক উভতাই।৷
তুলিলাহা হামি যশোদাৰ পিয়া তন।
গৰ্ভতে দেখিলা দেৱী চৌধয় ভুৱন।৷ ৫
বিস্ময়া হুইয়া আখি মুদিলা সুন্দৰী।
তাত পাছে নিলা চক্ৰৱাতে চুৰি কৰি।৷
গলত চিপিয়া ধৰি পেহ্লাইল শিলাত।
মৰি গৈল দুষ্ট দৈত্য তোমাৰ লীলাত॥ ৬
জাত-কৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম।
গোকুলত ক্ৰীড়ন্তে ফুৰন্তে কৃষ্ণ ৰাম।৷
নাচ বুলি পাঞ্চৈ গোপী বজায়া চাপৰি।
কৰিলন্ত নৃত্য ভঙ্গী-ভাৱে দেৱ হৰি॥ ৭
যশোদা সুধিলা ধৰি কিয় মাটি খাইলি।
নখাওঁ বুলিয়া বেন্ত বাইলা বনমালী।৷
গৰ্ভতে দেখিলা দেৱী ভুৱন চৈধয়।
কৰিলন্ত তুতি আতি পৰম বিস্ময়।৷ ৮