পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬০
[ খণ্ড ২১
কীৰ্ত্তন-ঘোষা


চাৰি বেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্ৰ
 পৰম বেদান্ত ভাগৱত।
সনক সনন্দ মুনি যোগ জ্ঞান বিচাৰিয়া
 উদ্ধাৰিলা তাৰ সাৰ-তত্ত্ব॥

আগম পুৰাণ যত বেদান্তৰো তাতপৰ্য্য়
 জানি কৰা ভকতিক সাৰ।
শ্ৰৱণ-কীৰ্ত্তন বিনা আন পুণ্যে নপায় জানা
 ইটো ঘোৰ সংসাৰৰ পাৰ॥ ২৫ .

শুনিয়োক বুধ লোক জনম-মৰণ-দুঃখ
 তৰিবাৰ যাৰ ইচ্ছা আছে।
গোৱিন্দৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰা
 অন্তকে কেশত ধৰি আছে॥

ইহেন মনুষ্য-তনু সেস্থৰে নপাইবা পুনু
 চাৰি বেদে কহে নিষ্ঠ কৰি।
মাধৱৰ চৰণৰ কিঙ্কৰে শঙ্কৰে কহে
 সদা ডাকি বোলা হৰি হৰি॥ ২৬

বেদ-স্তুতি সমাপ্ত॥ ২১॥