পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৮
[খণ্ড ২১
কীৰ্ত্তন-ঘোষা


এড়ায় সংসাৰ-ক্লেশ  কুৎসিত বিষয়-সুখ
 তাসম্বাৰ নাহি অভিলাষ।
একবাৰ মাত্ৰ তযু চৰণ চিন্তিলে যিটো
 তাৰ সুখ নাহি গৃহবাস॥ ২০

অসন্ত জগত খান তোমাত উদ্ভৱ ভৈল
 সন্ত হেন প্ৰকাশে সদায়।
কৰ্ম্ম-জড় মনুষ্যৰ মন মগ্ন ভৈল তাতে
 বেদৰ নুবুঝে অভিপ্ৰায়॥

তোমাৰ অদ্বৈত ৰূপ পৰম আনন্দ-পদ
 তাতে মোৰ মগ্ন হোক চিত্ত।
ভৈলোহো দাসৰো দাস জানি আৱে নৰহৰি
 আমাক নেড়িবা কদাচিত॥ ২১

মুকুট কুণ্ডল যেন সুৱৰ্ণৰ ভিন্ন নুহি
 মিছা মাত্ৰ নাম-ৰূপ যত।
অহঙ্কাৰ পঞ্চ ভূত  তোমাত পৃথক নোহে
 প্ৰভু পৰমাৰ্থ-বিচাৰত॥

তোমাৰ কটাক্ষ-দৃষ্টি পায়া নৃত্য কৰে মায়া
 ভৰি তুলি মৰ্দ্দে মোৰ মাথ।