পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৪৫৫
বোদ-স্তুতি

এতেকেসে জ্ঞানী  গণে অৱশেষ
 জগতকে বোলে হৰি।
আৱে জগজীৱ তোমাৰ চৰণে
 ভজো হৃদয়ত ধৰি॥ ১৪

যত তপ আছে সমস্তে কৰোক
 পড়োক পৰ্ব্বতে উঠি।
সমস্তে তীৰ্থত স্নানিয়া ফুৰোক
 বেদক পঢ়োক তুষ্টি॥

যত যজ্ঞ আছে সমস্তে যজোক
 কৰোক যোগ অভ্যাস।
হৰিৰ কীৰ্ত্তন নকৰি তথাপি
 নেড়য় মৃত্যুৰ ত্ৰাস॥ ১৫

নাহি দেহেন্দ্ৰিয় সমস্তে কৰ্ত্তাৰ
 শক্তিক ধৰা একলে।
তুমিসি সৰ্ব্বজ্ঞ তুমি সৰ্ব্বকৰ্ত্তা
 তোমাক সেৱে সকলে॥

যেন চক্ৰৱৰ্ত্তী ৰাজাক যোগাৱে
 সামৰাজে কৰ-ভাৰ।