পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জ্ঞান-অভ্যাসকো কহো নেদেখি বিশেষ।
শ্ৰৱণ-কীৰ্ত্তনে তৰে সংসাৰৰ ক্লেশ॥
তােমাৰ ভক্তৰ সঙ্গ পায়া অনুপম।
ধৰ্ম্ম অর্থ কাম মােক্ষ কৰে তৃণ-সম॥ ৯
তুমিসি পৰম প্রিয়া আত্মা নাৰায়ণ।
তযু পদ-পঙ্কজে মজোক মােৰ মন॥
ভাৰতে মনুষ্য-জন্ম নুহিকে সেন্থৰে।
তােমাক নভজি আত্মঘাত কৰি মৰে॥১০
প্ৰেমভাৱে দুৰ্ল্লভ যে তােমাক স্মৰণ।
যেন তেন মতে কৰো শ্ৰৱণ-কীৰ্ত্তন॥
সদায় থাকোক মােৰ মন তযু পাৱে।
বােলা হৰি হৰি আৱে প্রাণ থাকে যাৱে॥ ১১

দ্বিতীয় কীৰ্ত্তন

ঘােষা॥ হৰি হৰিয়াে ক্লেশ হে
হৃষীকেশ কৰুণা-সাগৰ।
মায়া-মহােদধি মাঝে মজিলোহো
মাধৱ মােক উদ্ধৰ॥২
পদ ॥ বুদ্ধি-অহঙ্কাৰে আৱৰিলে আতি
মহামূঢ় ভৈলাে স্বামী।