পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৪
[খণ্ড ২০
কীৰ্ত্তন-ঘোষা


তযু দৰশন যদ্যপি দুৰ্লভ
 নুবুঝি তোমাৰ লীলা।
আমি তামসিক অসুৰ জাতিৰ
 গৃহতে আসি মিলিলা॥ ১৪

ৰাক্ষস দানৱ দৈত্য-ভূতচয়
 পিশাচ প্ৰমথপতি।
তোমাক বিৰোধ কৰি অপ্ৰয়াসে
 পাইলেক পৰম গতি॥

দ্বেষত ভয়ত  যিটো সিদ্ধি পাইলে
 তামসিক দৈত্য-ঝাক।
সাত্বিক গুণত থাকিয়া সততে
 দেৱে নপাৱন্ত তাক ॥ ১৫

আমাৰ পৰোক্ষ বান্ধৱ তুমিসি
 মাধৱ জানিলো আমি।
হেন জানি মোত  হুয়োক সন্তোষ
 তিনিও লোকৰ স্বামী॥

গৃহ-অন্ধ-কূপে পড়ি আছো নাথ
 কিমতে আক এড়াওঁ।