পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২ ]
৪৪৩
দৈৱকীৰ পুত্ৰ-জ্ঞানয়ন


দ্বিতীয় কীৰ্ত্তন

ঘোষা॥ স্বামী মোক পাৰ কৰা  কৰুণাসিন্ধু
 সংসাৰ-সাগৰে।
আউৰ আন গতি নাহিকে মাধৱ
 বান্ধৱ তোমাত পৰে॥২


পদ॥ পাছে গোৱিন্দক  দেখি দৈত্যেন্দ্ৰৰ
 আনন্দে চিত্ত নধৰে।
 উপজিল ভাৱ শিহৰিল গাৱ
 নেত্ৰত লোতক ঝৰে॥

 দুইহাতে কৃষ্ণৰ চৰণে ধৰিয়া
 তাতে মাথা থাপি থৈলা।
 গদগদ বাণী মুখৰ নোহলায়
 স্তুতি কৰিবাক লৈলা॥ ১৩

 প্ৰণামো অনন্ত মহন্ত বিধাতা
 প্ৰণামো কৃষ্ণ-চৰণে।
 সাংখ্য যোগ যিটো  কৰিলা বিস্তাৰ
 ব্ৰহ্মৰূপী নাৰায়ণে॥