পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিংশ খণ্ড

দৈৱকীৰ পুত্ৰ-আনয়ন

প্ৰথম কীৰ্ত্তন

ঘোষা॥ ৰাম মাধৱ মুৱাৰি।
কৃষ্ণ মুকুন্দ দৈত্যাৰি। ১

পদ॥শুক মুনি বােল শুনিয়াে পৰীক্ষিত।
পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত॥
অনন্তৰে দৈৱকী শুনিলা হেন বাণী।
গুৰুৰ মৃতক পুত্র কৃষ্ণে দিলা আনি॥১
হুয়া আতি বিস্ময় গুণন্ত বৰ নাৰী।
মােৰাে ছয় তনয়ক কংসে আছে মাৰি॥
হৃদয় ব্যাকুল কৰে তাসম্বাক স্মৰি।
চক্ষুৰ লােতক আতি পৰে সৰসৰি॥ ২
মুখৰো নােহলয় মাত গদগদ বাণী।
বুলিলা বচন ৰাম গােৱিন্দক আনি॥
শুনিয়ােক ৰাম শুনিয়ােক দামােদৰ।
জানিলো তােমৰা দুই জগত ঈশ্বৰ॥ ৩