পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৪৩৭
দামোদৰ-বিপ্ৰাখান


চন্দ্ৰাতপসৱ টানিয়া আছয়
 মুকুতাৰ মালা আঁৰি।
দিব্য কন্যাগণে আয়াযাত কৰে
 শুনি নুপুৰৰ সাৰি॥

ৰত্নৰ অনেক প্ৰদীপ প্ৰকাশে
 নজানয় ৰাত্ৰি-দিন।
ইন্দ্ৰতো অধিক  পাইলা সমৃদ্ধিক
 গুচিল দাৰিদ্ৰ-চিন॥ ৩০

কৃষ্ণৰেসে কৃপা বোলন্ত ব্ৰাহ্মণে
 আত নাহি আন হেতু।
ভকতৰ অল্প বস্তুক বিস্তৰ
 কৰন্ত গৰুড়-কেতু॥

আমাৰ সন্দেশ  খাইলা হৃষীকেশ
 চাউল-চিৰা একমুষ্টি।
এতেকতে মোক মহা সম্পত্তিক
 দিলন্ত পৰম তুষ্টি॥ ৩১

তাহান চৰণে সৌহৃদ্য সখিত্ব
 মিত্ৰ-ভাৱ নুগুচোক।

'