পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৪
খণ্ড ১৯
কীৰ্ত্তন-ঘোষা


দৰিদ্ৰ ব্ৰাহ্মণে ধন পাইলে মোক
 পাসৰিবে সমুদায়।
এহি বুলি ধন নেদিলে আমাক
 জানিলো কৃষ্ণ গোসাঁই॥

হেন গুণি-গান্থি যাহান্তে গৃহৰ
 সমীপ পাইলন্ত পাছে।
চন্দ্ৰ-সূৰ্য্য়-সম অনেক বিমান
 দেখন্ত তহিতে আছে॥ ২৪

দিব্য উপবনে পড়ি পক্ষীগণে
 সুললিত ৰাৱ তেজে।
দীঘি-সৰোবৰ পুষ্পিত উৎপল
 প্ৰফুল্ল পঙ্কজে ৰজে॥

দিব্য নৰ-নাৰী গণ ফুৰে তৈতে
 পিন্ধি বস্ত্ৰ-অলঙ্কাৰ।
দেখিয়া ব্ৰাহ্মণে  বিস্ময়ে গুণন্ত
 ইটো দিব্য পুৰী কাৰ॥ ২৫

নুহি গৃহ মোৰ  কৈক আইলো বুলি
 থমকি আছন্ত চাই।


পা ২৫॥ দীঘি -দিব্য।