পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২ ]
৪২৯
দামোদৰ-বিপ্ৰাখ্য়ান


জাৰে কাম্পে শিষ্য যত  শৰীৰত নাহি তত
 দেখি খেদ কৰিলা অনেক॥

আমাক বোলন্ত বাক  শুনিয়োক শিষ্য-জাক
 মোৰ পদে কিনো দুঃখ ভৈল।
প্ৰাণতো এড়িলা আশ  খপিলাহা বনবাস
 গুৰু-ঋণ সৱে শুঝা গৈল ॥ ১৩

শুনা শিষ্য নিৰন্তৰ  তুষ্ট হুয়া দোঞো বৰ
 জানা সৱে শাস্ত্ৰ প্ৰতিক্ষণে।
পুৰ্ণ ভৈল মনোৰথ  গৃহক ধৰিলো পথ
 পাছে আমি সৱে শিষ্যগণে॥

আনো দুঃখ নানা মত  গুৰু-গৃহে পাইলো যত
 প্ৰাণ-সখি সুমৰাহা তাক।
হেন শুনি দ্বিজবৰে  কৰযোৰে অনন্তৰে
 কৃষ্ণক বুলিলা মৃদু বাক॥ ১৪

শুনিয়োক পৰম্ ব্ৰহ্ম  আমাৰ সাফল জন্ম
 সমস্ত পাতক ভৈল নাশ।
যিহেতু জগত-স্বামী  তোমাৰ লগত আমি
 গুৰু-গৃহে কৰিলো নিবাস॥