পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২০
খণ্ড ১৮
কীৰ্ত্তন-ঘোষা

বিষ্ণুৰ পৰম মহিমা দেখি।
কৰিলা কৰযোড় দুয়ো সখি॥ ৪০
দেখিয়া পাছে দুইকো চক্ৰপাণি।
হাসিয়া হেন বুলিলন্ত বাণী॥
তোমৰা নৰ নাৰায়ণ দুই।
ভৈলা অৱতাৰ মনুষ্য হুই॥ ৪১
ধৰ্ম্মক দ্বিজক ৰাখিবে লাগি।
ব্ৰহ্মাদেৱে দুইকো নিলন্ত মাগি॥
পৃথিৱীৰ সৱে ভাৰ সংহৰি।
আসা মোৰ ঠাইক সত্বৰ কৰি॥৪২
তোমৰা দুইক দেখিবাক মন।
আনিলো সৱে দ্বিজ-পুত্ৰগণ॥
ভৈলো দেখা-দেখি এ চিৰকালে।
পৃথিৱীক এড়ি আসা সকালে॥ ৪৩
যদি পূৰ্ণকাম দুয়ো তোমৰা।
সৃষ্টিৰ অৰ্থে আসি তপ কৰা॥
হাসিয়া এহি বুলি চক্ৰপাণি।
ব্ৰাহ্মণৰ দশ ছৱালি আনি॥ ৪৪
দিলন্ত কৃষ্ণ অৰ্জ্জুনৰ হাতে।
নমিলা পাছে দুয়ো প্ৰণিপাতে॥