এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
[ খও ৩
কীৰ্ত্তন-ঘোষা

চাণ্ডালো হৰি-নাম লৱে মাত্ৰ।
কৰিবে উচিত যজ্ঞৰ পাত্ৰ॥
পাপৰ আলু উভয় নামে।
আক তুচ্ছ কৰি মৰে কি কামে॥ ৪৭
নামৰ মহিমা জানি সমূলি।
জগতৰে মোক্ষ হৈবেক বুলি॥
পূৰ্ব্বত আক গোপ্য কৰি থৈলা।
দেখিয়ো ষষ্ঠ স্কন্ধে শুকে কৈলা॥ ৪৮
নলাগে দেৱ দ্বিজ ঋষি হুইবে।
নলাগে সদ্ভুত শাস্ত্ৰ জানিবে॥
মিছাতে মৰে আন কৰ্ম্ম কৰি।
হোৱন্ত ভকতিতে তুষ্ট হৰি॥ ৪৯
যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী।
পক্ষী মৃগগণ চাণ্ডালো আসি॥
একান্তে কৰিয়া হৰি-ভকতি।
মহাসুখে পাৱে পৰম গতি॥ ৫০
সপ্তম স্কন্ধত প্ৰহ্লাদ-বাণী।
দেখিয়ো বিচাৰ কৰি প্ৰমাণি॥


 পা •৫০ ॥ যক্ষ ৰক্ষ দৈত্য—যত বক্ষ দৈত্য।

 [ দৈতেৰা যক্ষৰক্ষাংসি—ভাগৱত ৭৷৭৷৫৪ ]