পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৮
খণ্ড ১৮
কীৰ্ত্তন-ঘোষা

ফণী-মণি কৰে তিৰিমিৰি।
প্ৰকাশন্ত যেন শুক্ল গিৰি॥
তান শৰীৰত সুখাসনে।
প্ৰকাশন্ত বসি নাৰায়ণে॥ ৩২
সুন্দৰ শৰীৰ মেঘ-শ্যাম।
পীত বস্ত্ৰে আতি অনুপাম॥
প্ৰসন্ন বদন মনোহৰ।
আয়ত লোচন ৰুচিকৰ॥ ৩৩
শিৰত কিৰীটি ৰত্নময়।
তাৰ ৰশ্মি শোভে কেশচয়॥
জ্বলে গণ্ড মকৰ-কুণ্ডলে।
প্ৰকাশে শ্ৰীবৎস বক্ষঃস্থলে। ৩৪
কণ্ঠত কৌস্তুভ নৱ সূৰ্য্য।
প্ৰলম্ব বৰ্ত্তুল অষ্ট ভুজ॥
কেয়ূৰ কঙ্কণে সুশোভিত।
বন-মালা আপাদ-লম্বিত॥ ৩৫
পদ দুই পঙ্কজৰ কান্তি।
পাসি ভৈলা আঙ্গুলিৰ পান্তি॥
জ্বলে আতি নখ-চক্ৰচয়।
ভকতৰ প্ৰকাশে হৃদয়॥ ৩৬