পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৪১৫
বিপ্ৰ-পুত্ৰ-আনয়ন

ধনু তুলি ধৰি পাছে মহাবিদ্যা কৰি।
তেখনে আটাইল গৈয়া যমৰ নগৰী॥
পাত পাত কৰি বিচাৰিলা মহাভাগ।
বিপ্ৰৰ পুত্ৰক তৈতো নপাইলেক লাগ॥ ১৮
ইন্দ্ৰৰ নগৰে গৈয়া বিচাৰিল পশি।
তৈতে বিপ্ৰ-পুত্ৰক নপাইলা মহাযশী॥
অগনি বৰুণ বায়ু চন্দ্ৰ নৈঋতিৰ।
সৱাৰ থানক বিচাৰিলা মহাবীৰ॥ ১৯
বিতবিত কৰিলন্ত সাতো পতালক।
তৈতো খুজি নপাইলন্ত বিপ্ৰৰ পুত্ৰক॥
একো স্থানে বিচাৰিবে নথাকিল ঠাই৷
উলটিয়া দ্বাৰকাক আসিলা দুনাই॥ ২০
ভ্ৰষ্ট ভৈল অঙ্গীকাৰ জানিয়া নিশ্চয়৷
অগনিত জাম্প দিবে যান্ত ধনঞ্জয়॥
হেন দেখি সখিক ধৰিলা হৰি আসি।
মৰিবাক নেদিয়া বুলিলা পাছে হাসি॥ ২১
দেখাইবো দ্বিজৰ সৱে পুত্ৰক তোমাক।
নকৰিয়ো ঝাস সখি ৰাখা আপুনাক॥
তোমাৰ বিপুল কীৰ্ত্তি থাকিবে লোকত।
মোহোৰ বচনে নকৰিয়ো প্ৰাণ হত॥ ২২