পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টঙ্কাৰিয়া দিব্য অস্ত্ৰচয়ক ঝাকিলা৷
অধে উৰ্দ্ধে সিটো সূতি-গৃহক ঢাকিলা॥
নথাকিল সন্ধি ছাইলা আঞ্জৰ-পাঞ্জৰ।
গৃহক ঢাকিয়া শৰে সাজিলা পিঞ্জৰ॥ ১৩
সেহিবেলা উপজিল বিপ্ৰৰ কুমাৰ।
পৃথিৱীত পড়িয়া কান্দিলা বাৰম্বাৰ॥
তেখনে অদৃশ্য ভৈল শৰীৰে সহিতে।
নাকলিলা কেৱে তাক আগতে তহিতে॥ ১৪
দেখি পাছে বিপ্ৰে পুত্ৰ-শোকৰ জমক।
কেশৱৰ আগত ভৎৰ্সিলা অৰ্জ্জুনক॥
মঞি কেন মূঢ় দেখিয়োক সৰ্ব্ব জনে।
কৰিলো সঞ্জাত নপুংসকৰ বচনে॥ ১৫
সবংশে কেশৱে নোৱাৰিলে ৰাখিবাক।
আৰ কোনে পৰিত্ৰাণ কৰিবে আমাক॥
বিধিৰ বিপাকে যিটো দৈৱে ভৈলা নাশ।
কিনো মূৰ্খ তঞি তাক ৰাখিবাক চাস॥ ১৬
ধিক ধনঞ্জয় ধিক গাণ্ডাৱ তোমাৰ।
মিছা কাৰ্য্যে কিসক কৰিলি অঙ্গীকাৰ॥
বিকৰ্থনা অনেক কৰিল দ্বিজবৰ।
শুনি নসহিল অৰ্জ্জুনৰ কলেৱৰ॥ ১৭