এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩
৩১
পাষণ্ড-মৰ্দ্দন

হৰি-কথামৃত-কণাৰ বাৱে।
দুনাই আত্ম-জ্ঞান সুমৰাৱে॥
নলাগে বৰ নমাগোহো তাক।
চতুৰ্থ স্কন্ধত পৃথুৰ বাক॥ ৪৩
জ্বৰ-মৰণৰ সময়ে দুঃখে।
তযু গুণ নাম নেৰোক মুখে॥
মাগন্ত ঋত্বিজে বৰ প্ৰবন্ধে।
নাভিৰ যজ্ঞত পঞ্চম স্কন্ধে॥ ৪৪
পঞ্চম মহাপাপী যিটোজন।
তাৰো প্ৰায়চিত্ত হৰি-কীৰ্ত্তন॥
তাক লাগি ভৈল হৰিৰ মতি।
ইটো মোৰ ভৈল ৰাখো সম্প্ৰতি॥ ৪৫
ব্ৰহ্ম-বধী গুৰু-বধী যতেক।
পিতৃ-মাতৃবধী পাপী অনেক॥
কুকুৰ খায় হেন ম্লিছগণে।
সিও শুদ্ধ হোৱে হৰি-কীৰ্ত্তনে॥ ৪৬


পা ৪৩॥ কথামৃত-কণাৰ-বাৱে—কথামৃত্যুকন্নাৰ বাৱে।
 [ ভগৱপদান্তোজসুধাকণানিলঃ—ভাগৱত ৪৷১০৷২৫]
জ্বৰ মৰণৰ সময়ে-জৰা মৰণৰ সময়ে।
 [ জ্বৰমৰণদশায়ামপি—ভাগৱত ৫৷৩৷২২] :.