পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৮
১৭
কীৰ্ত্তন

বিহা দেন্ত কন্যা কৈতো মুৰাৰি।
দুনাই আনন্ত কৈতো বহাৰী॥৩৯
কৈতো শশুৰিক পঠায়া জীৱ।
কান্দন্ত বসি দেৱ সদাশিৱ॥
কৰন্ত কতো গৃহে যজ্ঞ-কাম।
প্ৰতিষ্ঠান্ত কৈতো কূপ আৰাম॥ ৪০
ঘোটকতে চড়ে কৈতো মুৰাৰি।
ফুৰন্ত পৱিত্ৰ মৃগক মাৰি॥
ধৰিয়া বেশ কৈতো ভৰি খুম্পি।
ভাঞ্জ কাজ বুজি ফুৰন্ত চুম্পি॥ ৪১


পঞ্চম কীৰ্তন

ঘোষা॥ গোৱিন্দ গোপাল গৰুড়-কেতু।
 ভকতৰ ভয়-ভঞ্জন-হেতু॥ ৫

পদ॥দেখিয়া নাৰদে তুলিলা হাসি।
 আমাক প্ৰভু ভুৰুকুৱা আসি॥
 তোমাৰ চৰণ-সেৱাৰ বলে।
 তযু যোগ-মায়া জানো সকলে॥ ৪২


পা* ৪০॥ শগুৰিক—শুহৰিক ৪১॥ ভাঞ্জ কাজ-ভাজ কাজ৷