পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৪০৫
নাৰদৰ কৃষ্ণ-দৰ্শন

সংসাৰ-কূপে পড়ে যিটোজন।
তাৰো অৱলম্ব্য তযু চৰণ॥
হেন পাদ-পদ্ম চিন্তো সদায়।
তোমাৰ নাম মুখে ফুৰো গাই॥ ২৬
তোমাৰ পাৱে নছাড়োক মতি।
দিয়ো এহি দান জগত-পতি॥
এহি বুলি তৈৰ উঠিলা ঋষি।
দেখিলা পাছে আৰ গৃহ পশি॥ ২৭
কৰিয়া কৃষ্ণে হাস-পৰিহাস।
ভাৰ্য্যায়ে সহিতে খেলন্ত পাশ॥
কাষতে উদ্ধৱ আছে নিৰেখি।
উঠিলা কৃষ্ণ নাৰদক দেখি॥ ২৮
আসনে বৈসাই ধুৱাইলা ভৰি।
কেতিক্ষণে আইলা পুছন্ত হৰি॥
তুমি সৰ্ব্ব-পূৰ্ণ-কাম সন্ন্যাসী।
অপূৰ্ণ-কামী আমি গৃহবাসী॥ ২৯
তথাপি বোলা কি কৰিবো আমি।
জম্মক মোৰ সাফলিয়ো স্বামী॥


 পা* পদ ২৯॥ পূৰ্ণ—পূণ্য৷