পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩২
[খণ্ড ১৭
কীৰ্ত্তন-ঘোষা

দেখিলা ঋষি দিব্য পুৰী পাছে।
সুবৰ্ণময় গড়ে বেঢ়ি আছে॥
সাগৰে বেঢ়ি ভৈল গঢ়খাই।
দেখি বিপক্ষৰ ধাতু উৰাই॥ ১৩
দিব্য সৰোবৰ পুষ্পিত বনে।
পড়িয়া নাদ তেজে পক্ষীগণে॥
চম্পা-পাৰিজাত-সুৰভি-বাসে।
নৱ লক্ষ দেৱ-গৃহ প্ৰকাশে॥ ১৪
কতো ফটিকৰ কতো ৰজত।
সুবৰ্ণময় কতো মৰকত॥
সূৰ্য্য-সম জ্বলে গৃহৰ কান্তি।
ৰঞ্জে আতি ধ্বজ-পতাকা-পান্তি॥ ১৫
তাৰ অন্তঃপুৰ দেখিলা পাছে।
প্ৰবন্ধে বিশ্বকৰ্ম্মে নিৰ্ম্মি আছে॥
ষোড়শ হাজাৰ দিব্য আৱাস।
সূৰ্য্য-সম জ্বলে লঙ্ঘি আকাশ॥ ১৬
তাহাৰ মধ্যে এক গৃহ পশি।
ৰত্নৰ দীপিতি দেখন্ত ঋষি॥
প্ৰৱালৰ স্তম্ভ বৈদূৰ্য্য-ফলি।
সুৱৰ্ণৰ কাঠি-কামি মাণ্ডলি॥ ১৭