এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
[খণ্ড ৩
কীৰ্ত্তন -ঘোষা

ৰাজাত কহন্ত শুকে প্ৰবন্ধে।
বিচাৰি দেখিয়ে দ্বিতীয় স্কন্ধে॥ ৩৮
আতি লৱলেশ বিষয়-সুখ।
আকে লাগি ভৈল হৰি-বিমুখ॥
নকৰে ৰতি হৰি-কীৰ্ত্তনত।
আপুন কৰ্ম্মে সিও ভৈল হত॥ ৩৯
সিটো চাণ্ডালক গৰিষ্ঠ মানি।
যাৰ জিহ্বাগ্ৰে স্ৰৱে হৰি-বাণী॥
সমস্তে তীৰ্থতে কৰিল স্নান।
কৰিলে সিসি তপ হোম দান॥ ৪০
সেহিসে কুলীন বেদক বুজে।
যাহাৰ মুখে হৰিনাম বীজে॥
পৰম তত্ত্ব জানি দেৱহূতি।
তৃতীয় স্কন্ধত কৰিলা তুতি॥ ৪১
নলাগে লীন-মুকুতিক তথা।
নাহি হৰি-পদ-পঙ্কজ যথা॥
কৰ্ণৰ অমৃত হৰি-চৰিত।
ভকতৰ মুখে শুনিবো নিত॥ ৪২


পা* ৪০॥স্ৰৱে- থাকে।
৪১॥ বীজে-সিজৈ [নাম গৃণন্তি যে তে॥ ভাগৱত ৩৷৩৩৮}