পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৪
খণ্ড ১৬
কীৰ্ত্তন-ঘোষা

অষ্টম কীৰ্ত্তন

ঘোষা॥ ওহৰি দীন-দয়াল
 গােপাল পালিয়া নিয়া।
 তোমাাৰ নাম  মুখে ফুৰো লৈয়া
 তােমাৰ চৰণ চিন্তোক হিয়া॥

পদ ॥পাছে যদু-বংশ যতেক আছে।
 কৃষ্ণ আসন্তোক মনত বাঞ্ছে॥
 যাৰ যেন শক্য পাৰিল মানে।
 পূজিলা দুর্গাক বলি-বিধানে॥ ৫৩
 মায়াক আৰাধি সাধন্ত বৰ।
 সত্বৰে আসন্তোক দামােদৰ॥
 পঢ়ি স্তুতি-স্তোত্র কৰে মঙ্গল।
 সিটো আশীৰ্ব্বাদ ভৈল সাফল ॥ ৫৪
 ভাৰ্য্যায়ে সহিতে আসিলা হৰি।
 গ্ৰাৱাত স্যমন্ত-মণিক ধৰি॥
 দেখন্ত সৱে আইল যদুৰাই ॥
 মৰি উপজিল যেন দুনাই ॥ ৫৫
 লগতে কন্যাক আসিলা লই।
 সমস্ত সুহৃদে বেড়িল গই॥
 পৰম ৰঙ্গে কৰে শুভ শুভ।
 শিৰত সিঞ্চিলা অক্ষত দূষ॥ ৫৬