পৃষ্ঠা:Kirtan Ghosha.pdf/৪০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯০
খণ্ড ১৬
কীৰ্ত্তন-ঘোষা

ষষ্ঠ কীৰ্ত্তন


ঘোষা॥ হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বথা।
 মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ-কথা॥ ৬
‘পদ॥ হেন তুতি বাণী শুনি দৈৱকী-তনয়।
 চাইলা দায়া-দৃষ্টি ভকতক কৃপাময়॥
 মাৰ্জিলা অমৃত-হাতে সমন্তে শৰীৰ।
 ভৈলন্ত নিজ জাম্বৱন্ত মহাবীৰ॥ ৩৬
 মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান।
 মণি-হেতু ঋক্ষৰাজ আইলো তযু স্থান॥
 তুমি আনি আছা মহামণি স্যমন্তক।
 মিছাত সমস্তে দেয় আমাক কলঙ্ক॥ ৩৭
 পৰম ভকত তুমি জানোহো তোমাক।
 দিয়া মণি মোক মঞি নেওঁ দ্বাৰকাক॥
 গুচোক দুৰ্ঘশ দেখাওঁ লোকত প্ৰত্যয়।
 শুনি আনন্দিত জাম্বৱন্ত মহাশয়॥ ৩৮
 তানে কন্যা-ৰত্ন আছে নামে জাম্বৱতী। :.
 কৃষ্ণক বিবাহ দিলা ৰঙ্গে ঋক্ষপতি॥
 লগত যৌতুক আনি দিলন্ত স্যমন্ত।
 পৰম আনন্দ দেখি ভৈলা ভগৱন্ত॥ ৩৯