পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪
৩৮৭
স্য়মন্তক-হৰণ

.

দুইকো দুইৰো নাহি তুষ্টি।
হানে বজ্ৰ-সম মুষ্টি॥
মাংসৰ কাৰণে যেন!
যুঝন্ত দুইগোটা শেন॥ ২৮
কেহো বলে নুহি ক্ষীণ।
যুঝন্ত আঠাইশ দিন॥
কৃষ্ণৰ প্ৰহাৰ পাই।
পাছে মহা ঋক্ষ-ৰায়॥ ২৯
শ্ৰান্ত ভৈল মহা দুঃখে।
নিশ্বাস বজাইলা মুখে॥
ভাগে যেন কটি কান্ধ।
শৰীৰৰ ছিণ্ডে বান্ধ॥ ৩০
গোড়ে ঘৰ্ম্ম যায় বহি।
ক্ষেণেক তম্ভিলা ৰহি॥
সমস্ত সমাজে ঢাকি।
হৰি হৰি বোলা ডাকি॥ ৩১