পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৩৮৩
স্যমন্তক-হৰণ

প্ৰসেন নামে তাৰ ভ্ৰাতৃ আছে।
কণ্ঠত মণিক পিন্ধিয়া পাছে॥
ঘোড়াত চড়ি মহাৰঙ্গ-মনে।
মৃগক মাৰি ফুৰে বিজু বনে॥ ১২
দেখি সিংহে তাক নখে বিদাৰি।
ঘোড়ায়ে সহিতে পেলাইলা মাৰি॥
কণ্ঠৰ মণিক ছিণ্ডিয়া লই।
চড়িলা গিৰি-শৃঙ্গে সিংহ গই॥ ১৩
দেখি জাম্বৱন্ত বীৰ বিড়িঙ্গ।
লৈলন্ত মণিক মাৰিয়া সিংহ॥
স্যমন্তক মণি গৰ্ত্তক নিলা।
উমলাইবে লাগি শিশুক দিলা॥ ১৪
বিচিত্ৰ মণিগোট ধৰি ধাই।
বাটত শিশু ফুৰে উমলাই॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ১৫