পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১
৩৮১
স্য়মন্তক-হৰণ

সূৰ্য্যে যেন প্ৰকাশিয়া আসে দ্বাৰকাক।
ৰশ্মিয়ে চক্ষুক পীড়ে দেখি প্ৰজা-ঝাক॥
আসন্ত আদিত্য বুলি মনত শঙ্কিয়া।
কৃষ্ণৰ পাশক সৱে যায় লৱড়িয়া॥ ৪
সভাত খেলন্ত পাশা প্ৰভু পীতাম্বৰ।
আথে-বেথে দেয় জান প্ৰজা নিৰন্তৰ॥
নমো নাৰায়ণ শঙ্খ-চক্ৰ-গদাধৰ।
অৰবিন্দ-লোচন গোৱিন্দ দামোদৰ॥ ৫
তোমাক দেখিবে লাগি ত্ৰিজগত-পতি।
আসন্ত আদিত্য হেৰা দেখিয়ো সম্প্ৰতি॥
সৱাৰো চক্ষুক পীড়ি আসে ৰশ্মি-জালে।
তোমাক অন্বেষ কৰে দশদিগ-পালে॥ ৬
পুৰাণ পুৰুষ ভুমি সনাতন হৰি।
যদু-কুলে অৱতৰি আছা ছদ্ম কৰি॥
তাতেসে আসন্ত সূৰ্য্যে দেখিবে তোমাক।
বোলা হৰি হৰি উদ্ধাৰিয়ো আপুনাক॥ ৭