পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাৰকা-লীলা

ষোড়শ খণ্ড

স্যমন্তক-হৰণ

প্ৰথম কীৰ্ত্তন

ঘোষা॥ ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
 এতেকে মুকুতি পাইবা কহিলো স্বৰূপ॥ ১

পদ। শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
 কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত॥
 আপুনাৰ কন্যা আনি দিলেক কৃষ্ণক।
 স্যমন্তক মণি দিলা লগত যৌতুক॥ ১
 শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত।
 দিলা কিবা কলঙ্ক কৃষ্ণক সত্ৰাজিত॥
 কৈত পাইলো স্যমন্তক মণি মহাৰত্ন।
 কিহেতু কৃষ্ণক কন্যা দিলা কৰি যত্ন॥ ২
 শুক নিগদতি শুনিয়োক পৰীক্ষিত।
 সূৰ্য্য়ৰ পৰম ভক্ত-সখা সত্ৰাজিত॥
 তুষ্ট হুয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা।
 সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা॥ ৩