পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৮
[খণ্ড ১৫গ
কীৰ্ত্তন-ঘোষা


পৰমে আটোপে মহাকোপে আসে ধাই।
দেখি লড় দিলা ৰাম-কৃষ্ণ দুয়ো ভাই॥ ১১৪

মনুষ্য-চেষ্টাক দেখাই যেন ভয়াতুৰ।
ভৰি-গতি দুয়ো পলাই গৈলা বহুদূৰ॥
হেন দেখি ৰঙ্গে আসি মাগধ নিস্খলে।
ধৰ বুলি পাছে পাছে খেদে সমদলে॥ ১১৫

পলাইবে নপাৰি যেন ৰাম-দামোদৰে।
আৰোহিলা পৰ্ব্বতৰ উচ্ছিত শিখৰে॥
পৰ্ব্বতক বেড়িয়া সসৈন্যে জৰাসন্ধে।
লগাইলেক জুই তাত অনেক প্ৰবন্ধে॥ ১১৬

আঘাৰ যোজন সিটো পৰ্ব্বত উচ্ছ্ৰিত।
তাৰপৰা ডেৱে দুয়ো পড়িলা ভূমিত॥
নলক্ষিলে কেৱে শত্ৰু-সেনা তাসম্বাক।
ৰঙ্গে ৰামকৃষ্ণ দুয়ো গৈলা দ্বাৰকাক॥ ১১৭

দগ্ধ ভৈলা ৰামকৃষ্ণ মানি মহাবলী।
জৰাসন্ধো সসৈন্যে দেশক গৈলা চলি॥
নজানয় ঈশ্বৰৰ বলৰ প্ৰমাণ।
শত্ৰু-বুদ্ধি দেখে সিটো পৰম অজ্ঞান॥ ১১৮