পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৬
[খণ্ড ১৫গ
কীৰ্ত্তন-ঘোষা


নৱম কীৰ্ত্তন

ঘোষা॥ মন ৰাম বোল ৰাম ৰোল ৰাম বোল ৰাম।
 চিত্ত চিত্তে চতুৰ্ভুজ চতুৰ্ভুজ হৰি॥ ৯


পদ॥ মাধৱে বোলন্ত শুনা মুচুকুন্দ ৰায়।
 তোমাৰ নিৰ্ম্মল মতি ভৈল সমুদায়॥
 প্ৰলোভিলো বৰ লৱা বুলি বাৰম্বাৰ।
 তথাপিতো কিছু বাঞ্ছা নভৈল তোমাৰ॥ ১০৬
 বৰ দিবে চাহিলো তোমাক দায়া পদে।
 ভকতক লঙ্ঘিবাক নপাৰে শ্ৰী-মদে॥
 যোগক অভ্যাসে যিটো ভকতিক এড়ে।
 তাহাৰেসে মন দুনাই বিষয়ত পড়ে॥ ১০৭
 মোত চিত্ত দিয়া পৰ্য্য়টিয়ো বসুমতী।
 তোমাৰ আমাত আছে একান্ত ভকতি॥
 ক্ষত্ৰিয়ৰ ধৰ্ম্মত থাকিয়া নৃপবৰ।
 কৰিয়াছা বধ তুমি জন্তু বহুতৰ॥ ১০৮
 শ্ৰৱণ-কীৰ্ত্তনে মোক কৰিয়া আশ্ৰয়।
 তপ কৰি এৱে সিটো পাপ কৰা ক্ষয়॥


পা ঘোষা ৯॥ চতুৰ্ভুজ চতুৰ্ভুজ-চতুৰ্ভুজ।
 পদ ১০৬ মুচুকুন্দ-সাৰ্ব্বভৌম।