পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮ ]
৩৭৫
মুচুকুন্দ-স্তুতি


প্ৰণত-পালক তোমাৰ চৰণে
 লৈলোহো আৱে শৰণ।
ভয় শোক মৃত্যু গুচয় যিমতে
 ৰক্ষা কৰা নাৰায়ণ॥

হেন তুতি কৰি মুচুকুন্দ ৰাজা
 কৃষ্ণক প্ৰণামি আছে।
প্ৰণত-পালক দেৱ সনাতন
 ৰাজাক মাতিলা পাছে॥ ১০৪

ভণিলা শঙ্কৰে শুনা সৰ্ব্ব নৰে
 নকৰিয়ো জন্ম বৃথা।
শ্ৰৱণতে সুখে মোক্ষ-পদ পায়
 শুনা হেন কৃষ্ণ-কথা॥

হৰিৰ কীৰ্ত্তন কৰিয়া পাপৰ
 মুণ্ডত মাৰিয়ো বাড়ি।
আন কাম এড়ি বোলা হৰি হৰি
 পলাওক পাতক ছাড়ি॥ ১০৫