পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৪
[খণ্ড ১৫গ
কীৰ্ত্তন-ঘোষা


কিনো অনুগ্ৰহ কৰিলা মাধৱ
 গুচাই মোৰ ৰাজ্য-ভাৰ।
মহা জ্ঞানীগণে আকেসে বাঞ্ছয়
 মনত বিবেক যাৰ॥

নবাঞ্ছোহো আন মাধৱ তোমাৰ
 চৰণ-সেৱাত পৰে।
মুকুতি-দাতাক আৰাধি খুজিবে
 আন বৰ কোন নৰে॥ ১০২

হেন জানি প্ৰভু  যত দুঃখ-ভোগ
 দূৰতে তেজিয়া থৈলো।
পৰম-পুৰুষ তোমাৰ চৰণে
 সদায়ে শৰণ লৈলো॥

সংসাৰ-চক্ৰত চিৰকাল ভ্ৰমো
 তোমাত নভৈল বোধ।
একোৱে প্ৰকাৰে  সুখ-শান্তি নাই
 নিজিনিলো কাম-ক্ৰোধ॥ ১০৩


পা ১০২॥ জ্ঞানীগণে-ৰাজাগণে।