পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭২
[খণ্ড ১৫
কীৰ্ত্তন-ঘোষা


মায়ায়ে মোহিত  হুয়া যিটো জন
  নভজে প্ৰভু তোমাক।
সুখক আশায়ে  গৃহবাসে থাকে
  দৈৱে বঞ্চিলেক তাক॥ ৯৭

ভাৰতে দুৰ্ল্লভ  নৰ-দেহা পায়া
 নভজে তোমাৰ পাৱ।
গৃহ-অন্ধকূপে পড়িয়া থাকয়
 পশুৰ যেন স্বভাৱ॥

ৰাজ্য-শ্ৰী-মদে ভৈলোহো প্ৰমত্ত
 দেহে আত্মা-বুদ্ধি ভৈল।
পুত্ৰ-দাৰা-ধন-  আহাৰ-চিন্তায়ে
 বিফলে জনম গৈল॥ ৯৮

গৃহ ঘট-সম  দেহাত নৃপতি
 বেলাওঁ কৰি চটি মতি।
তোমাকে নগণি  হয় হস্তী ৰথে
 পৃথিৱী ফুৰো পৰ্য্য়টি॥

বিষয়-চিন্তায় পৰম প্ৰমত্ত
 থাকে মহামোহ-দৰ্পে।