এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
২৭
পাষণ্ড-মৰ্দ্দন


আমাৰ বোলে অপ্ৰত্যয় যাহা।
একাদশ স্কন্ধ বিচাৰি চাহা॥ ২৫
বিষ্ণু-বৈষ্ণৱৰ নিন্দা শুনিয়া।
নুগুচে কৰ্ণত আঙ্গুলি দিয়া॥
সমস্তে পুণ্য নষ্ট হোৱে তাৰ।
নৰকত পড়ে নাহি নিস্তাৰ॥ ২৬
বিষ্ণু-বৈষ্ণৱক কৰে ধিক্কাৰ।
কাটিবাক লাগে জিহ্বাক তাৰ॥
শাস্তি কৰিবাক যেৱে নপাৰি।
গুচিবে কাণত আঙ্গুলি গাৰি॥ ২৭
নিন্দা শুনি যদি তৈৰ নুগুচে।
কল্পেক মানে নৰকত পচে॥
যাইবা যদি নাই আন স্থান।
তথাতে এড়িবে আপুন প্ৰাণ॥ ২৮
তেৱেসে হোৱে প্ৰায়চিত্ত অতি।
দক্ষৰ যত কহিলা সতী॥
আমাৰ বোলে অপ্ৰত্যয় যাইবা।
চতুৰ্থ স্কন্ধত বিচাৰি পাইবা॥ ২৯


পা’ পদ ২৭॥কাটিবাক লাগে—কাটিবে আন্টিয়া, কাটিবে টানিয়া। গাৰি-মাৰি।