পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫
৩৬৩
কালযৱন-বধ


পাছত যৱনে পশিয়া দেখয়
 সুতি আছে একজন॥ ৬৫

আমাক দুৰক আনিয়া শয়ন
 কৰিলি যেন সজ্জনে।
কৃষ্ণ হেন মানি মাৰিলেক লাথি
 দুৰ্জ্জন কালযৱনে॥

চিৰকাল সুতি আছে মুচুকুন্দ
 উঠিয়া বসিল জাগি।
কিছু কিছু কৰি চক্ষু মেলি চাইল
 চাৰিও দিশক লাগি॥ ৬৬

যৱনক পাছে আগত দেখিয়া
 ক্ৰোধ-দৃষ্টি কৰি চাইল।
তেতিক্ষণে তাৰ  শৰীৰত লাগি
 অগনি-কুণ্ড উধাইল॥

ক্ষেণেকতে ভস্ম ভৈ গৈল যৱন
 আপুন গাৱৰ জুই।
পৰীক্ষিত ৰাজা শুকত সোধন্ত
 আতি অদভুত হুই॥৬৭