পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪
৩৫৯
কালযৱন-বধ


বৰুণে পঠাইলা হয়চয় শুক্লবৰ্ণ।
মনোজয়-বেগ সৱে শ্যাম-এক-কৰ্ণ॥
কুবেৰে পঠাইলা অষ্টনিধিৰ ভণ্ডাৰ।
কি কহিবো মহিমা কৃষ্ণৰ দ্বাৰকাৰ॥ ৫৫
দশদিগপালৰ বিভৱ আছে যত।
সিবেলা সমস্তে আনি অৰ্পিলা কৃষ্ণত॥
সেহি দ্বাৰকাক লাগি কৃষ্ণে অবিকলে।
মথুৰাৰ প্ৰজাক আনিলা যোগ-বলে॥ ৫৬
মথুৰাক আসি ৰামে সমে আলোচিলা।
সুগন্ধ পদ্মৰ মালা গলত পিন্ধিলা॥
শুধা হাতে নগৰ-দ্বাৰৰ ভৈলা বাজ।
যৱনক দেখাই চলি যান্ত যদুৰাজ॥ ৫৭
মাৱৰ জন্ম-কৰ্ম্ম শুনা সৱে নৰে।
কলি-যুগে নাহি গতি কীৰ্ত্তনত পৰে॥
দুৰ্ল্লভ মনুষ্য-জন্ম নকৰিয়ো বৃথা।
কৰা হৰি-কীৰ্ত্তন এড়িয়া গ্ৰাম্য কথা॥ ৫৮
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।
ইহ-পৰলোকে হৰি-চৰণেসে গতি॥
গৈল প্ৰাণ প্ৰায় জানা যেন আছা মৰি।
আন চিন্তা এড়ি ডাকি বোলা হৰি হৰি॥ ৫৯