এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
[ খণ্ড ৩
কীৰ্ত্তন-ঘোষা

হাসে বৈষ্ণৱক যিটো নিষ্‌খল।
পাপত সমুলঞ্চে যায় তল॥ ২০
স্ত্ৰী-ধন-জন-যৌৱন-মদে।
অন্ধ হোৱে বিদ্যা-গৰ্ব্বৰ পদে॥
বিষ্ণু বৈষ্ণৱক ঝপায়া নিন্দে।
হৰি-নামে যেন কাণত বিন্ধে॥ ২১
হৰি-ভকতক যিজনে হাসে।
নুবুজি বেদৰ অৰ্থ বিনাশে॥
জগততে বিষ্ণু আছন্ত ব্যাপি।
শুনিয়া তাক নুবুজয় পাপী॥ ২২
স্ত্ৰী-মদ্য-মাংস-সেৱাৰ কথা।
কৈ মৰে কৈ মৰে জন্মক বৃথা॥
নুবুজে বেদ-অভিপ্ৰায় গূঢ়।
কৰ্ম্মকো কৰিবে নুৱাৰে মূঢ়॥ ২৩
মূৰ্খ হুয়া বোলে মঞি পণ্ডিত।
নষ্ট কৰি ফুৰে আনৰো চিত্ত॥
নিষ্কামে কৰিয়া সকলে কৰ্ম্ম।
বিষ্ণুত অৰ্পিব সিসৱ ধৰ্ম্ম॥ ২৪
শ্ৰৱণ-কীৰ্ত্তন তাহাৰ ফল।
মিছাত নজানি নিন্দে নিষ্‌খল॥