পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চদশ খণ্ড

দ্বিতীয় ভাগ

কালযৱন-বধ

চতুর্থ কীৰ্ত্তন

ঘােষা॥ ৰঘুপতি হৌক গতি
 তােমাৰ চৰণে নাৰায়ণ।
 দাস বুলি দামােদৰ দিয়ােক শৰণ॥ ৪


পদ ॥ সেহি সময়ত যৱনৰ মহাৰাজা।
 লগে লৈয়া সাজি ম্লেছ তিনি কোটি প্রজা॥
 নামে কালযৱন ৰণত অনিৰ্ব্বাৰ।
 নাৰদে পঠাইলে মাধৱক দিলে ধাৰ॥ ৪৮
 তিনি কোটি ম্লেছে বেঢ়িলেক মথুৰাক।
 দেখি সচকিত ভৈল যত যদু-ঝাক॥
 দেখি বলো সমে আলােচন্ত দামােদৰ।
 মিলিল প্রমাদ দাদা যাদৱ বংশৰ॥ ৪৯
 বেঢ়িল আমাক দেখা যৱন দুৰ্ব্বাৰ।
 কিবা আজি-কালি জৰাসন্ধ দেয় ধাৰ॥


পা* ঘােষা ৪ ॥ হৌক—কি হৌক, হৌক হৌক।