পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫২
[খণ্ড ১৫ ক
কীৰ্ত্তন ঘোষা

তৃতীয় কীৰ্ত্তন

ঘোষা ৷৷ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম।
নমো ৰাম হৃষীকেশ হৃষীকেশ হৰি৷॥৩


পদ ৷৷ পাছে বলি-সুত বাণ ।
 দিলা হেন সমিধান॥
 মােৰ যত ৰাজ্য-ভাৰ।
 তােমাৰেসে অধিকাৰ ॥২৮
 এহি বুলি দৈত্য-পতি।
 অসংখ্যাত হয়-হস্তী ॥
 দিলে দৈত্য-সেনা ৰথ।
 পূৰি তাৰ মনােৰথ॥ ২৯
 সিটো সেনা লৈয়া সঙ্গে।
 মাগধ চলিলা ৰঙ্গে॥
 ৰথ ধ্বজ গজ বাজী।
 পৰম প্রাৰম্ভে সাজি ॥ ৩০
 লগে লৈয়া সেনা-ঝাক।
 বেঢ়িলে মথুৰাক॥
 ধৰ মাৰ কৰৈ ৰােল।
 বাৰে বীৰ-ঢাক ঢােল॥৩১