পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৩৫১
জৰাসন্ধৰ যুদ্ধ

বলভদ্র সাত্যকি মাধৱ মহাৰথ।
খেদিলে পাছত পাঞ্চ প্ৰহৰৰ পথ॥
হয় হস্তী ৰই ৰথ লাগে মানে পাইল।
মথুৰাত নিয়া যদু ৰাজাত যােগাইল॥ ২৩
মাধৱত যুদ্ধ হাৰি জৰাসন্ধ নৃপ।
ৰাজাগণ সমে গৈল বাণৰ সমীপ॥
প্রাণ-মিত্ৰ বুলি বাণে কৰিলা সৎকাৰ ।
জৰাসন্ধে নিবেদিল দুঃখ আপুনাৰ ॥২৪
শুনা দৈত্য-পতি কিনাে ভৈল বিসঙ্গতি।
ৰাত্ৰি চুৰি কৰি আসি গােপাল দুৰ্ম্মতি ॥
জিনিয়া খেদিলা মােক বহু দূৰ পথ ।
নিলেক মােহোৰ সৱে হয় হস্তী ৰখ ॥ ২৫
তােমাৰ পাশক আইলাে শুনা দৈত্য-ৰায়।
কৃষ্ণক যুঝিবে মােৰ হুয়ােক সহায়॥
তুমি সম প্রাণ-মিত্র নাহিকে আমাৰ।
কৃষ্ণ-শত্রু-সাগৰত কৰা মােক পাৰ ॥ ২৬
কৃষ্ণৰ কিঙ্কৰে গীত ভণিলা শঙ্কৰে।
নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে॥
শুনা সর্ব্বজন কেদিন জীৱন।
বােলা হৰি হৰি আছে যাৱত চেতন॥ ২৭