পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
[খণ্ড ১৫ ক
কীৰ্ত্তন-ঘোষা

কালান্ত সম দেখি কৃষ্ণক প্রত্যেক।
থকবক কৰে আতি নৃপতি যতেক॥
নাহি শ্ৰতি-বুদ্ধি চাৱে উলটি-পালটি।
মাধৱৰ শৰে আসি ফুটে চটচটি॥ ১৮
বাম পাশে দেখি আসি বলো মহাবলী।
শত্ৰুৰ সেনাক মানে লই যান্ত নিডলি ॥.
সাত্যকি দক্ষিণ পথে দেখি দিল ধাৰ।
কৰিবাক লাগিলা শত্রুকে বুন্দামাৰ ॥১৯
কৰন্ত ক্ৰন্দন আতি তিনি ভিতি বেঢ়ি।
মহাভয়ে কতাে সেনা পলায় ৰণ এড়ি॥
কতো প্রাণ ছাৰি পৰে পৃথিৱীতে ঢলি।
শত্ৰুক সম্মুখে হুয়া ধাৱে কতো বলী ॥ ২০
ৰাজাগণে দেখে সেনা বিভঙ্গে ভাগিল।
অনা-যুদ্ধ-কাছে ৰণ কৰিবে লাগিল॥
কতো বাসা এড়ি পলাই পশিলা বনত।
ত্ৰাহি বুলি পড়ে কতাে কৃষ্ণৰ আগত ॥ ২১
যিটো ৰাজাগণে আগ বাঢ়ি দিল ৰণ।
তাৰ কন্ধ ছেদ কৰিলন্ত নাৰায়ণ।
মাগধৰ সেনাগণ সাগৰ-সঙ্কাশ।
ক্ষেণেকে ভাগিল সৱে হুয়া মহাত্রাস॥ ২২