পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
খণ্ড ১৫ ক
কীৰ্ত্তন ঘোষা

কৃষ্ণৰ বচনে ৰাখিলা কন্ধ।
দেশক পাছে গৈল জৰাসন্ধ॥
নযায় নুপুহায় কৃষ্ণত হাৰি।
আনিলা সৱে ৰাজা হাঙ্কাৰি॥ ৯
দঢ়ায়া আপুনাক মাস তিনি।
লড়িল সাজি তেইশ অক্ষৌহিণী॥
বেঢ়িল গৈয়া দুনাই মথুৰাক।
যমুনা-তীৰে ৰৈল ৰাজা-ঝাক॥ ১০
কাঠ-গড় বান্ধি বঞ্চিল ৰাতি।
নাচে গাৱে ৰঙ্গে যত পয়াতি॥
মাধৱে পাছে সৱে বাৰ্ত্তা পাইল।
দুনাই যুঝিবাক মাগধ আইল॥ ১১
যদু-বীৰগণো আনিলা মাতি।
আলোচিলা কৃষ্ণে সমস্তে ৰাতি॥
আপুন সেনা তিনি ভাগ কৰি॥
নিয়োজিলা সৱে বীৰক হৰি॥১২
সাৰণ গদক বলো দদাক।
পঠাইলা ৰাম পাশে যুঝিবাক॥
উদ্ধৱ সাত্যকি অনেক ৰথে।
বেঢ়িলে সেনাক দক্ষিণ:পথে॥ ১৩