পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
[খণ্ড ১৪
অক্ৰূৰৰ বাঞ্ছা-পূৰণ

দুৰ্জ্জন ৰাজাক  বধিয়া মাধৱ
 উদ্ধাৰিলা বসুন্ধৰী॥ ৪

আজি মোৰ গৃহে  তীৰ্থতো অধিক
 পৱিত্ৰ ভৈল আশেষ।
যিহেতু সাক্ষাতে জগতৰ গুৰু
 আপুনি ভৈলা প্ৰৱেশ॥

কোননো পণ্ডিতে  এড়িয়া তোমাক
 আনক ভজিবে যাই।
ভকতজনক  আপুনাকো দিয়া
 জানো ইটো অভিপ্ৰায়॥ ৫

ভকতেসে প্ৰভু  তোমাৰ বান্ধৱ।
 দিয়া মনোৰথ-সিদ্ধি।
ব্ৰহ্মাৰ দুৰ্ল্লভ  তোমাক দেখিলে
  কিনো সুপ্ৰসন্ন বিধি॥

সুত বিত্ত দাৰা  বিষয়-জঞ্জাল
 ছিণ্ডা মোৰ মোহ-জৰী।
তোমাৰ চৰণ  নিতান্তে চিন্তিয়া
 ফুৰো কৃপা কৰা হৰি॥৬