পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৯
কুঁজীৰ বাঞ্ছা-পূৰণ


চন্দন-অৰ্পণ  বিনে কুবুজাৰ
 আন কিছু পুণ্য নাই।
এতেকতে কেন  দেখিয়ো পৰম
 প্ৰসাদ পাইলেক তাই॥

যিটো অনুক্ষণে  শ্ৰৱণ-কীৰ্ত্তনে
 ভজে এক চিত্ত কৰি।
তাহাৰ ভাগ্যক  কহন নযায়
 ডাকি বোলা হৰি হৰি॥ ১১

কুঁজীৰ বাঞ্ছা-পূৰণ সমাপ্ত॥ ১৩॥